Skip to content

বাইবেলখন বগা মানুহৰ কিতাপ নেকি?

বাইবেলখন বগা মানুহৰ কিতাপ নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলখন ইউৰোপীয় লোকে লিখা নাছিল। ঈশ্বৰে বাইবেল লিখিবলৈ ব্যৱহাৰ কৰা লোকসকল এছিয়া মহাদেশৰ আছিল। বাইবেলে এটা জাতিক, আন এটা জাতিতকৈ শ্ৰেষ্ঠ বুলি গণ্য নকৰে। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্ম-আচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.