যদি মই হতাশ হওঁ বাইবেলে মোক সহায় আগবঢ়াবনে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
নিশ্চয় সহায় আগবঢ়ায়। কাৰণ “নিৰাশত থকা লোকসকলক ঈশ্বৰে শান্ত্বনা আৰু উৎসাহ দিয়ে তথা সতেজ আৰু উল্লাসিত কৰে।”—২ কৰিন্থীয়া ৭:৬, দ্যা এমপ্লিফাইড্ বাইবেল।
হতাশাত ভুগী থকা লোকসকলক ঈশ্বৰে কেনেকৈ সহায় আগবঢ়ায়
শক্তি। আপোনাৰ সমস্যাবোৰ দূৰ কৰাৰ যোগেদি ঈশ্বৰে আপোনাক “সতেজ আৰু উল্লাসিত” কৰে এনে নহয়। কিন্তু যেতিয়া আপুনি সমস্যাবোৰ সন্মুখীন হʼবলৈ শক্তি বিচাৰি প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। (ফিলিপীয়া ৪:১৩) আপুনি নিশ্চিত হোৱা উচিত যে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিবলৈ সাজু হৈ আছে। এই বিষয়ে বাইবেলে বৰ্ণনা কৰিছে যে ঈশ্বৰ “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।” (গীতমালা ৩৪:১৮) যদিও আপুনি প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰক সকলো কথা বিৱৰি কʼব নোৱাৰে, কিন্তু আপোনাৰ হৃদয়ৰ কথা তেওঁ বুজি পায়।—ৰোমীয়া ৮:২৬, ২৭.
ভাল উদাহৰণ। বাইবেলৰ এজন লেখকে ঈশ্বৰলৈ এইদৰে প্ৰাৰ্থনা কৰিছিল: “হে যিহোৱা, মই অগাধ জলৰ মাজত থাকি তোমাৰ আগত প্ৰাৰ্থনা কৰিলো।” ঈশ্বৰে যে আমাৰ পাপ ক্ষমা কৰিব বিচাৰে, এই কথা মনত ৰাখি গীতৰচকে হতাশাৰ সন্মুখীন হʼব পাৰিছিল। ইয়াৰ উপৰিও তেওঁ ঈশ্বৰক এইদৰে কৈছিল: “হে যিহোৱা, তুমি অপৰাধ ধৰিলে, কোনে তিষ্ঠিব পাৰে? কিন্তু লোকে তোমালৈ ভয় ৰাখিবৰ নিমিত্তে, তোমাৰ লগত ক্ষমা আছে।”—গীতমালা ১৩০:১, ৩, ৪.
আশা। বৰ্তমান সময়ত সান্ত্বনা দিয়াৰ লগতে, ঈশ্বৰে হতাশাক সৃষ্টি কৰা সমস্যাবোৰ নাইকিয়া কৰিব বুলি প্ৰতিজ্ঞা কৰিছে। যেতিয়া ঈশ্বৰৰ এই প্ৰতিজ্ঞা পূৰ হʼব, তেতিয়া “পূৰ্ব্বকালৰ কথাবোৰ [হতাশাও জড়িত আছে] সোঁৱৰণ কৰা বা মনত কৰাও নহব।”—যিচয়া ৬৫:১৭.
টোকা: হতাশাৰ সন্মুখীন হোৱাৰ বাবে ঈশ্বৰে ব্যৱস্থা কৰা সহায় গ্ৰহণ কৰাৰ উপৰিও যিহোৱাৰ সাক্ষীসকলে চিকিৎসকৰ সহায় লয়। (মাৰ্ক ২:১৭) কিন্তু আমি কোনো বিশেষ চিকিৎসা পদ্ধতিৰ বাবে মতামত আগ নবঢ়াওঁ। আমি বিশ্বাস কৰোঁ যে প্ৰতিজন ব্যক্তিয়ে এই বিষয়ে নিজেই নিৰ্ণয় লোৱা উচিত।