মৃত্যুৰ পাছত আমাৰ কি হয়?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “জীবিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃত লোকবিলাকে একোকেই নাজানে।” (উপদেশক ৯:৫; গীতমালা ১৪৬:৪) গতিকে, মৃত্যুৰ পাছত আমাৰ কোনো অস্তিত্ব নাথাকে। মৃত্যুৰ টোপনিত থকা এজন ব্যক্তিয়ে কোনো চিন্তা, কোনো কাৰ্য্য অথবা একো অনুভৱ কৰিব নোৱাৰে।
“পুনৰায় ধূলিলৈকে উলটি যাবা”
প্ৰথম মানৱ আদমক ঈশ্বৰে বৰ্ণনা কৰিছিল যে মৃত্যুৰ পাছত আমাৰ কি হয়। আদমে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাৰ বাবে, ঈশ্বৰে তেওঁক এইদৰে কৈছিল: “তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯) ঈশ্বৰে আদমক “মাটিৰ ধূলিৰে” সৃষ্টি কৰাৰ আগতে তেওঁৰ কোনো অস্তিত্ব নাছিল। (আদিপুস্তক ২:৭) ঠিক সেইদৰে, মৃত্যুৰ পাছত আদম পুনৰাই ধূলিলৈ উলটি গৈছিল আৰু তেওঁৰ কোনো অস্তিত্ব নাথাকিল।
বৰ্তমান সময়ত মৃত্যু হোৱা সকলোৰে অৱস্থা আদমৰ দৰে হয়। মানুহ আৰু জীৱ-জন্তুৰ মৃত্যুৰ বিষয়ে পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “সকলোৱেই ধূলিৰ পৰা উৎপন্ন হৈছে, আৰু সকলোৱেই ধূলিলৈ উলটি যায়।”—উপদেশক ৩:১৯, ২০.
সকলোৰে শেষগতি মৃত্যু নহয়
পবিত্ৰ শাস্ত্ৰ বাইবেলে মৃত্যুক প্ৰায়ে টোপনিৰ লগত তুলনা কৰিছে। (গীতমালা ১৩:৩; যোহন ১১:১১-১৪; পাঁচনিৰ কৰ্ম্ম ৭:৬০) যেনেকৈ গভীৰ টোপনিত থকা এজন ব্যক্তিৰ চাৰিওফালে কি হৈ আছে, তেওঁ একো নাজানে, ঠিক সেইদৰে মৃত লোকসকলেও একো নাজানে। কিন্তু বাইবেলে শিক্ষা দিছে যে ঈশ্বৰে মৃত লোকসকলক টোপনিৰপৰা জগোৱাৰ দৰে, তেওঁলোকক পুনৰ জীৱন দিব। (ইয়োব ১৪:১৩-১৫) ঈশ্বৰে যিসকলক পুনৰুত্থান কৰিব, তেওঁলোকৰ বাবে মৃত্যু শেষগতি নহয়।