যীচুৰ বৃত্তান্ত কেতিয়া লিখা হৈছিল?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
যীচুৰ জীৱনত ঘটা ঘটনাবোৰৰ বিৱৰণ দি পাঁচনি যোহনে এইদৰে লিখিছিল: “যি জনে দেখিলে, সেই জনে সাক্ষ্য দিলে, আৰু তেওঁৰ সাক্ষ্য সত্য; আৰু তেওঁ জানে যে, তেওঁ সত্য কথা কৈছে, যেন তোমালোকেও বিশ্বাস কৰা।”—যোহন ১৯:৩৫.
মথি, মাৰ্ক, লূক আৰু যোহনে লিখা শুভবাৰ্ত্তা কিতাপৰ ঘটনাবোৰ বিশ্বাস কৰাৰ এটা কাৰণ হৈছে যে তেওঁলোকে বৰ্ণনা কৰা ঘটনাবোৰ দেখা লোকসকল তেতিয়াও জীয়াই আছিল। কিছুমান সূত্ৰৰ অনুসৰি মথি নামৰ শুভবাৰ্ত্তা কিতাপখন যীচুৰ মৃত্যুৰ আঠ বছৰৰ পাছত অৰ্থাৎ ৪১ খ্ৰীষ্টাব্দত লিখা হৈছিল। বহুতো বিদ্ধানে এই কিতাপৰ লিখনি আৰু কিছুসময়ৰ পাছত লিখা হৈছিল বুলি কʼব বিচাৰে। কিন্তু সাধাৰণতে সকলোৱে এক মুখেৰে স্বীকাৰ কৰে যে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ সকলো কিতাপ প্ৰথম শতিকাত লিখা হৈছিল।
যিসকল লোকে যীচুক পৃথিৱীত জীয়াই থকাৰ সময়ত দেখিছিল, তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে সাক্ষ্য দিছিল সেই লোকসকলে শুভবাৰ্ত্তা কিতাপত বৰ্ণনা কৰা ঘটনাবোৰৰ সত্যতা প্ৰমাণ কৰিব পাৰে। যদি এই বিৱৰণবোৰত কোনো ভুল তথ্য বৰ্ণনা থকাহেঁতেন, তেনেহʼলে তেওঁলোকে নিশ্চয় ইয়াক সহজে উদঙাই দিব পাৰিলেহেঁতেন। প্ৰফেছৰ এফ. এফ. ব্ৰুচে এইদৰে মতামত দিছিল: “যীচুৰ পাঁচনিসকলে কৰা ঘোষণা কাৰ্য্যৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল আৰু সেয়া হৈছে শ্ৰোতাসকলক তেওঁলোকৰ ওচৰত থকা জ্ঞানৰ প্ৰতি আকৰ্ষিত কৰা। তেওঁলোকে কেৱল কোৱাই নাছিল যে ‘আমি এই বিষয়বোৰৰ সাক্ষী হওঁ,’ কিন্তু ‘তোমালোকে নিজেই জানি আছা’ বুলিও কৈছিল (পাঁচনিৰ কৰ্ম্ম ২:২২)।”