পাঠ ১৪
ঈশ্বৰৰ কিয় এটা সংগঠন হোৱা উচিত?
১. প্ৰাচীন ইস্ৰায়েলীসকলক ঈশ্বৰে কিয় সংগঠিত কৰিছিল?
যিহোৱা ঈশ্বৰে অব্ৰাহমৰ বংশৰপৰা কিছুমান লোকক সংগঠিত কৰি, তেওঁলোকক বিধি-ব্যৱস্থা দিছিল। ঈশ্বৰে এই লোকসকলক “ইস্ৰায়েল” ৰাষ্ট্ৰ বুলি নামাকৰণ কৰিছিল। কেৱল তেওঁলোকেই সত্য উপাসনা কৰাৰ বাবে এক ৰাষ্ট্ৰ হৈ পৰিল আৰু ঈশ্বৰৰ বাক্যৰ তত্ত্বাৱধান লোৱাৰ দায়িত্ব পালে। (গীতমালা ১৪৭:১৯, ২০) গতিকে, আমি কʼব পাৰোঁ যে পৃথিৱীৰ সকলো দেশৰ লোকে এই জাতিৰপৰা লাভৱান হʼবলগীয়া আছিল।—আদিপুস্তক ২২:১৮ পঢ়ক।
ইস্ৰায়েলী লোকসকলক ঈশ্বৰে তেওঁৰ সাক্ষী হোৱাৰ বাবে নিৰ্ব্বাচিত কৰিছিল। ঈশ্বৰৰ বাক্য পালন কৰিলে কি লাভ আছে তাৰ বিষয়ে তেওঁলোকৰ ইতিহাসে প্ৰমাণ কৰে। (দ্বিতীয় বিবৰণ ৪:৬) এইদৰে, ইস্ৰায়েলীসকলৰ যোগেদি আন লোকসকলেও সত্য ঈশ্বৰৰ বিষয়ে জানিবলৈ সক্ষম হৈছিল।—যিচয়া ৪৩:১০, ১২ পঢ়ক।
২. সত্য খ্ৰীষ্টানসকল কিয় সংগঠিত?
যেতিয়া ইস্ৰায়েলী লোকসকলে ঈশ্বৰৰ পথত নচলিল, তেতিয়া যিহোৱা ঈশ্বৰে ইস্ৰায়েল ৰাষ্ট্ৰৰ পৰিৱৰ্ত্তে খ্ৰীটান মণ্ডলী স্থাপন কৰিলে। (মথি ২১:৪৩; ২৩:৩৭, ৩৮) বৰ্তমান সময়ত, ইস্ৰায়েল ৰাষ্ট্ৰৰ পৰিৱৰ্ত্তে যিহোৱাৰ সাক্ষীসকলে সত্য খ্ৰীষ্টান হিচাপে সেৱা কৰিছে।—পাঁচনিৰ কৰ্ম্ম ১৫:১৪, ১৭ পঢ়ক।
পৃথিৱীৰ সকলো দেশত ঘোষণা কৰিবলৈ আৰু শিষ্য বনাবলৈ যীচুয়ে তেওঁৰ শিষ্যসকলক সংগঠিত কৰিছিল। (মথি ১০:৭, ১১; ২৪:১৪; ২৮:১৯, ২০) বৰ্তমান সময়ত এই কাৰ্য্য একেবাৰে শীৰ্ষত উপনীত হৈছে। সকলো ৰাষ্ট্ৰৰপৰা যিহোৱা ঈশ্বৰে লাখ লাখ লোকক সত্য উপাসনাৰ বাবে একত্ৰিত কৰিছে। (প্ৰকাশিত বাক্য ৭:৯, ১০) সত্য খ্ৰীষ্টানসকলে সংগঠিতৰূপে এজনে-আনজনক সহায় আৰু উৎসাহ আগবঢ়ায়। গোটেই পৃথিৱীজোৰি হোৱা যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত তেওঁলোকে একেধৰণৰ বাইবেলৰ শিক্ষা লাভ কৰে।—ইব্ৰী ১০:২৪, ২৫ পঢ়ক।
৩. আধুনিক সময়ৰ যিহোৱাৰ সাক্ষীসকলৰ সংগঠন কেনেকৈ আৰম্ভ হʼল?
১৮৭০ দশকত বাইবেলৰ ছাত্ৰ কেইজনমানে হেৰুৱা সত্যক পুনৰাই আৱিষ্কাৰ কৰিবলৈ ধৰিলে। তেওঁলোকে বুজিব পাৰিলে যে যীচুয়ে প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীক ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ সংগঠিত কৰিছিল। বাইবেলৰ এই ছাত্ৰসকলেও পৃথিৱীজোৰি শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে। ১৯৩১ চনত তেওঁলোকে যিহোৱাৰ সাক্ষী নাম ধাৰণ কৰিলে।—পাঁচনিৰ কৰ্ম্ম ১:৮; ২:১, ৪; ৫:৪২ পঢ়ক।
৪. যিহোৱাৰ সাক্ষীসকল কেনকৈ সংগঠিত?
প্ৰথম শতিকাৰ মণ্ডলীবিলাকে প্ৰশাসন গোষ্ঠীৰপৰা লাভৱান হৈছিল। এই প্ৰশাসন গোষ্ঠীৰ সদস্যসকলে যীচুক মণ্ডলীৰ মূৰ হিচাপে গ্ৰহণ কৰে। (পাঁচনিৰ কৰ্ম্ম ১৬:৪, ৫) প্ৰথম শতিকাৰ দৰে বৰ্তমান সময়তো অনুভৱি প্ৰাচীনসকলৰ দ্বাৰা সংগঠিত প্ৰশাসন গোষ্ঠীৰপৰা যিহোৱাৰ সাক্ষীসকলে লাভৱান হয়। এই লোকসকলে গোটেই পৃথিৱীজোৰি থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়বোৰত ৬০০তকৈয়ো বেছি ভাষাত হোৱা বাইবেলৰ ওপৰত আধাৰিত প্ৰকাশনবোৰৰ অনুবাদ, ছপা আৰু বিতৰণ কৰা কাৰ্য্যৰ চোৱা-চিতা কৰে। তেওঁলোকে পৃথিৱীজোৰি থকা ১,০০,০০০তকৈয়ো বেছি মণ্ডলীক শাস্ত্ৰৰৰপৰা উৎসাহ আৰু নিৰ্দ্দেশনা দিয়ে। ঈশ্বৰৰ বাক্য অনুসৰি জীৱন-যাপন কৰা লোকসকলে প্ৰতিটো মণ্ডলীত প্ৰাচীন বা অধ্যক্ষ হিচাপে সেৱা কৰে। এই প্ৰাচীনসকলে প্ৰেমেৰে ঈশ্বৰৰ লোকসকলক চোৱা-চিতা কৰে।—১ পিতৰ ৫:২, ৩ পঢ়ক।
যিহোৱাৰ সাক্ষীসকলে সংগঠিতৰূপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰে আৰু শিষ্য বনুৱা কাৰ্য্যত ভাগ লয়। যীচুৰ শিষ্যসকলৰ দৰে আমিও ঘৰে ঘৰে গৈ ঘোষণা কৰোঁ। (পাঁচনিৰ কৰ্ম্ম ২০:২০) সত্যক ভালপোৱা লোকসকলক আমি বাইবেলৰ বিষয়ে শিকাওঁ। যিহোৱাৰ সাক্ষীসকল কেৱল এটা সংগঠনেই নহয়, কিন্তু এজন মৰমিয়াল পিতৃ থকা এটা পৰিয়ালৰ দৰে হয়। নিজৰ ভাই আৰু ভনীৰ দৰে আমি এজনে-আনজনৰ বিষয়ে চিন্তা কৰোঁ। (২ থিচলনীকীয়া ১:৩) যিহেতু যিহোৱাৰ লোকসকলে একতাৰে ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰে আৰু আনক সহায় কৰে, সেইবাবে তেওঁলোকেই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী পৰিয়াল।—গীতমালা ৩৩:১২; পাঁচনিৰ কৰ্ম্ম ২০:৩৫ পঢ়ক।