ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
আমাৰ পৃথিৱীখনৰ পৰিস্থিতি . . .
-
একেই থাকিবনে?
-
আৰু বেয়ালৈ ঢাল খাব নেকি?
-
নে ভাললৈ পৰিৱৰ্তন হ’ব?
পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে
“ঈশ্বৰ . . . তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”—প্ৰকাশিত বাক্য ২১:৩, ৪, পবিত্ৰ বাইবেল O.V. (Ref.)
আপোনাৰ বাবে কি অৰ্থ ৰাখে
অৰ্থপূৰ্ণ আৰু আনন্দৰ কাম থাকিব।—যিচয়া ৬৫:২১-২৩.
বেমাৰ বা কোনো ধৰণৰ দুখ-কষ্ট নাথাকিব।—যিচয়া ২৫:৮; ৩৩:২৪.
পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অনন্ত জীৱন।—গীতমালা ৩৭:১১, ২৯.
বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?
হয় পাৰোঁ। অন্তত দুটা কাৰণৰ বাবে:
-
প্ৰতিজ্ঞাবোৰ পূৰ কৰিবলৈ ঈশ্বৰৰ সামৰ্থ আছে। যিহোৱা ঈশ্বৰৰ অসীম শক্তি থকাৰ বাবে বাইবেলত তেওঁক “সৰ্ব্বশক্তিমান” বুলি কোৱা হৈছে। (প্ৰকাশিত বাক্য ১৫:৩) গতিকে, ঈশ্বৰে প্ৰতিজ্ঞা কৰা অনুসৰি এই পৃথিৱীখনৰ পৰিস্থিতি সম্পূৰ্ণৰূপে ভাললৈ পৰিৱৰ্তন কৰাৰ তেওঁৰ শক্তি আৰু সামৰ্থ আছে। ঈশ্বৰৰ পক্ষে “সকলো সাধ্য” বুলি বাইবেলে উল্লেখ কৰিছে।—মথি ১৯:২৬.
-
ঈশ্বৰে নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰিবলৈ ইচ্ছুক। মৃত লোকসকলক পুনৰ জীৱন দিবলৈ যিহোৱা ঈশ্বৰে “হাবিয়াহ” কৰে।—ইয়োব ১৪:১৪, ১৫.
বাইবেলে বৰ্ণনা কৰিছে যে ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টই বেমাৰী লোকসকলক সুস্থ কৰিছিল। তেওঁ কিয় লোকসকলক সুস্থ কৰিছিল? কাৰণ তেওঁ এনে কৰিবলৈ ইচ্ছা কৰিছিল। (মাৰ্ক ১:৪০, ৪১) পিতৃৰ দৰে যীচু খ্ৰীষ্ট নিজেও লোকসকলক সহায় কৰিব বিচাৰিছিল।—যোহন ১৪:৯.
গতিকে, আমি নিশ্চিত হ’ব পাৰোঁ যে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই, আমি এক সুখী ভৱিষ্যতৰ আনন্দ লোৱাটো বিচাৰে।—গীতমালা ৭২:১২-১৪; ১৪৫:১৬; ২ পিতৰ ৩:৯.
এই বিষয়ে চিন্তা কৰক
ঈশ্বৰে আমাৰ পৃথিৱীখনৰ পৰিস্থিতি কেনেকৈ ভাললৈ পৰিৱৰ্তন কৰিব?
বাইবেলে ইয়াৰ উত্তৰ মথি ৬:৯, ১০ আৰু দানিয়েল ২:৪৪ পদত দিছে।