Skip to content

Skip to table of contents

পাঠ ১৫

প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক সহায় কৰে?

প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক সহায় কৰে?

ফিনলেণ্ড

শিক্ষা দিয়া

উৎসাহ দিয়া

ঘোষণা কৰা

আমাৰ সংগঠনত কোনো দৰমহা দি ৰখা পাদুৰীৰ ব্যৱস্থা নাই। ইয়াৰ পৰিৱৰ্ত্তে, প্ৰথম শতিকাৰ দৰে বৰ্তমান সময়তো যোগ্য লোকসকলক “ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, তাক প্ৰতিপালন” কৰিবলৈ নিযুক্ত কৰে। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) আধ্যাত্মিকভাৱে পৰিপক্ক এই প্ৰাচীনসকলে মণ্ডলীৰ চোৱা-চিতা কৰিবলৈ দায়িত্ব লয়। তেওঁলোকে “আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ইচ্ছাৰে, ঈশ্বৰৰ দৰে, কুচ্ছিত লাভৰ অৰ্থেও নহয়, কিন্তু সন্তুষ্ট মনেৰে” মণ্ডলীৰ প্ৰতিপালন কৰে। (১ পিতৰ ৫:১-৩) মণ্ডলীৰ প্ৰাচীনসকলে আমাৰ বাবে কেনেধৰণৰ সেৱা আগবঢ়ায়?

তেওঁলোকে আমাৰ যত্ন লয় আৰু সুৰক্ষা দিয়ে। প্ৰাচীনসকলে মণ্ডলীৰ আধ্যাত্মিকভাৱে সুৰক্ষা দিবলৈ সহায় আৰু নিৰ্দ্দেশনা দিয়ে। ঈশ্বৰে যি গধুৰ দায়িত্ব দিছে, তাক প্ৰাচীনসকলে ভালদৰে বুজি পায়। সেইবাবে তেওঁলোকে মণ্ডলীৰ লোকসকলৰ ওপৰত কোনোধৰণৰ প্ৰভুত্ব নচলাই, কিন্তু তেওঁলোকে আমাৰ ভাল আৰু আনন্দৰ বাবে কাম কৰে। (২ কৰিন্থীয়া ১:২৪) যেনেকৈ এজন ভেঁড়াৰখীয়াই নিজৰ জাকত থকা প্ৰতিটো ভেঁড়াক ভালদৰে যত্ন লয়, ঠিক সেইদৰে প্ৰাচীনসকলে মণ্ডলীত থকা প্ৰতিজন সদস্যক ভালদৰে জানিবলৈ চেষ্টা কৰে।—হিতোপদেশ ২৭:২৩.

ঈশ্বৰৰ ইচ্ছা অনুসৰি কেনেকৈ চলিব লাগে তাৰ বিষয়ে তেওঁলোকে শিক্ষা দিয়ে। আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ প্ৰাচীনসকলে প্ৰতি সপ্তাহে মণ্ডলীৰ সভাবোৰত শিকোৱাৰ দায়িত্ব বহন কৰে। (পাঁচনিৰ কৰ্ম্ম ১৫:৩২) ঈশ্বৰৰ কাৰ্য্যত নিজকে বিলীন কৰা এই প্ৰাচীনসকলে ঘোষণা কৰা কাৰ্য্যটো আগভাগ লয় আৰু সেৱকীয়া কাৰ্য্যৰ বিভিন্ন পদ্ধতিবোৰ আমাক শিকায়।

ব্যক্তিগতভাৱে তেওঁলোকে আমাক উৎসাহ দিয়ে। যিহোৱা ঈশ্বৰৰ লগত আমাৰ ব্যক্তিগত সম্বন্ধ দৃঢ় কৰিবলৈ স্থানীয় প্ৰাচীনসকলে আমাৰ ঘৰলৈ আহি বা ৰাজ্যগৃহত শাস্ত্ৰৰপৰা উৎসাহ আৰু সহায় আগবঢ়াবলৈ আমাৰ লগত কথা পাতে।—যাকোব ৫:১৪, ১৫.

মণ্ডলীৰ দায়িত্ব থকাৰ উপৰিও, বেছিভাগ প্ৰাচীনৰ নিজৰ নিজৰ চাকৰি আৰু পৰিয়ালৰ দায়িত্ব আছে। ইয়াৰ বাবে তেওঁলোকক সময়ৰ প্ৰয়োজন। কঠিন পৰিশ্ৰম কৰা এই প্ৰাচীনসকল আমাৰ সন্মানৰ পাত্ৰ।—১ থিচলনীকীয়া ৫:১২, ১৩.

  • মণ্ডলীৰ প্ৰাচীনসকলৰ দায়িত্ব কি?

  • প্ৰাচীনসকলে কেনেকৈ আমাৰ প্ৰতি ব্যক্তিগত আগ্ৰহ দেখুৱায়?