কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি ৭:১-১৬

৭  সেইবাবে মৰমৰ ভাইসকল, যিহেতু আমাক এইবোৰ প্ৰতিজ্ঞা কৰা হৈছে, সেইবাবে আহা, আমি শৰীৰ আৰু মনক অশুচি কৰিব পৰা সকলো ধৰণৰ বিষয়ৰ পৰা আঁতৰি থাকি নিজকে শুচি কৰোঁ আৰু ঈশ্বৰলৈ ভয় ৰাখি আৰু বেছি পবিত্ৰ হওঁ। ২  তোমালোকৰ হৃদয়ত আমাক ঠাই দিয়া। আমি কাৰো লগত অন্যায় কৰা নাই, কাৰো হানি কৰা নাই, নিজৰ লাভৰ কাৰণে কাকো ঠগাও নাই। ৩  মই তোমালোকক দোষী কৰিবলৈ এই কথা কোৱা নাই। কাৰণ মই আগতেই তোমালোকক কৈছিলোঁ যে আমি জীওঁ বা মৰোঁ তোমালোক আমাৰ হৃদয়ত থাকা। ৪  মই তোমালোকৰ লগত সংকোচ নকৰাকৈ খুলি কথা পাতিব পাৰোঁ। মই তোমালোকক লৈ বহুত গৰ্ব কৰোঁ। মই বহুত শান্ত্বনা পাইছোঁ, দুখ-কষ্টৰ সময়তো মোৰ হৃদয় আনন্দেৰে ভৰি পৰিছে। ৫  আচলতে যেতিয়া আমি মাকিদনিয়া পালোঁগৈ, তেতিয়া আমি অলপো শান্তি পোৱা নাছিলোঁ, কিন্তু আমি সকলো ধৰণৰ দুখ-কষ্ট ভুগি থাকিলোঁ। বাহিৰত কাজিয়া আৰু অন্তৰত ভয় আছিল। ৬  কিন্তু ঈশ্বৰে, যিজনে নিৰাশাত থকা লোকসকলক শান্ত্বনা দিয়ে, আমাক তীতৰ উপস্থিতিৰ যোগেদি শান্ত্বনা দিলে। ৭  কিন্তু কেৱল তীত ইয়াত থকাৰ কাৰণেই নহয়, তেওঁ যে তোমালোকৰ কাৰণে শান্ত্বনা পালে, সেয়া দেখিও আমি শান্ত্বনা পালোঁ। তেওঁ উভতি আহি আমাক খবৰ দিলে যে তোমালোকে মোক চাবলৈ কিমান আগ্ৰহী হৈ আছা, বহুত শোক কৰি আছা আৰু মোৰ বিষয়ে কিমান চিন্তা কৰি আছা।* এয়া শুনি মই আৰু বেছি আনন্দিত হʼলোঁ। ৮  সেইবাবে, যদিও মই তোমালোকক নিজৰ চিঠিৰ যোগেদি নিৰাশ কৰিছিলোঁ, কিন্তু ইয়াৰ কাৰণে মোৰ দুখ লগা নাই। হয়, আৰম্ভণিতে মোৰ দুখ লাগিছিল, (কিয়নো অলপ সময়ৰ কাৰণেই নহওক কিয়, সেই চিঠিয়ে তোমালোকক নিৰাশ কৰিছিল) ৯  কিন্তু এতিয়া মই আনন্দ কৰি আছোঁ, তোমালোকে কেৱল নিৰাশ হোৱাৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে তোমালোকে ইমানেই নিৰাশ হʼলা যে তোমালোকে অনুতাপ কৰিলা। কিয়নো তোমালোকে নিৰাশ হোৱাৰ কাৰণে ঈশ্বৰ আনন্দিত হʼল আৰু আমাৰ কাৰণে তোমালোকৰ একো হানি নহʼল। ১০  কাৰণ ঈশ্বৰক আনন্দিত কৰা নিৰাশাই অনুতাপ উৎপন্ন কৰে আৰু ইয়ে উদ্ধাৰৰ ফালে লৈ যায় আৰু ইয়াৰ কাৰণে পাছত দুখ কৰিবলগীয়া নহয়। কিন্তু জগতৰ লোকসকলৰ দৰে হোৱা নিৰাশাই মৃত্যু আনে। ১১  চোৱা! ঈশ্বৰক আনন্দিত কৰা নিৰাশাই তোমালোকৰ অন্তৰত কিমান আগ্ৰহ উৎপন্ন কৰিলে, হয়, তোমালোকৰ ওপৰত লগা কলংক দূৰ কৰিবলৈ তোমালোকে কিমান ইচ্ছা দেখুৱালা, নিজৰ ভুলৰ কাৰণে তোমালোকৰ কিমান খং উঠিল, তোমালোকৰ অন্তৰত ভয় উৎপন্ন হʼল, হয়, তোমালোকৰ অন্তৰত কিমান যে বেছি ইচ্ছা আৰু উৎসাহ উৎপন্ন হʼল আৰু তোমালোকে নিজৰ ভুল শুধৰণি কৰিলা! তোমালোকে সকলো ধৰণে প্ৰমাণ কৰিলা যে তোমালোকে এই বিষয়বোৰত নিৰ্দোষী* হোৱা। ১২  মই যি চিঠি লিখিছিলোঁ, সেয়া যিজনে বেয়া কাম কৰিছিল, তেওঁৰ কাৰণে লিখা নাছিলোঁ আৰু যিজনৰ লগত অন্যায় হৈছিল, তেওঁৰ কাৰণেও লিখা নাছিলোঁ, ইয়াৰ পৰিৱৰ্তে মই লিখাৰ কাৰণ হৈছে যাতে ঈশ্বৰৰ আগত এয়া প্ৰমাণ হয় যে তোমালোকে আমাৰ কথা শুনিবলৈ কিমান আগ্ৰহী হোৱা। ১৩  সেইবাবে, আমি শান্ত্বনা পালোঁ। কিন্তু শান্ত্বনা পোৱাৰ উপৰিও আমি তীতে পোৱা আনন্দৰ কাৰণে আৰু বেছি আনন্দিত হʼলোঁ, কিয়নো তোমালোক সকলোৱে তেওঁৰ হৃদয়ক সতেজ কৰিলা। ১৪  কাৰণ আমি তোমালোকৰ বিষয়ে তীতক যি কথা গৰ্বেৰে কৈছিলোঁ, তাৰ বাবে মই লাজত পৰিবলগীয়া নহʼল। যিদৰে আমাৰ সেই সকলো কথা সঁচা আছিল, যি আমি তোমালোকক কৈছিলোঁ, ঠিক সেইদৰে তীতক যি কথা আমি গৰ্বেৰে কৈছিলোঁ, সেয়া সঁচা বুলি প্ৰমাণিত হʼল। ১৫  ইয়াৰ উপৰিও, যেতিয়া তেওঁ মনত পেলায় যে তোমালোক সকলোৱে কেনেকৈ আজ্ঞা পালন কৰিছিলা আৰু গভীৰ সন্মানেৰে তেওঁক আদৰণি জনাইছিলা, তেতিয়া তোমালোকৰ কাৰণে তেওঁৰ প্ৰেম আৰু বাঢ়ি যায়। ১৬  মই আনন্দ কৰোঁ, কিয়নো মই প্ৰতিটো কথাত তোমালোকৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ।*

Footnotes

আক্ষ., “তোমালোকৰ উৎসাহ আছে।”
বা “শুচি।”
বা হয়তো, “তোমালোকৰ কাৰণে মই বহুত সাহস পাওঁ।”